Thursday, April 18, 2013

জুবিন গাৰ্গে বিহু মঞ্চ এৰিব নোৱাৰে

মুক্ত কণ্ঠ:


আৰম্ভ কৰিছোঁ আজিৰ প্ৰজন্মৰ পৰা কোনোবাদিনা অসমে সুধিছেনে আমি কি বিচাৰোঁ? আমাৰ প্ৰজন্মই কোনো বিসম্বাদী শক্তিক সমৰ্থন নকৰে নিজৰ মাটি এৰি হাবিয়ে জংঘলে ঘূৰি নিজৰে অসমীয়া ভাই-ভনী-শিশুৰ তেজেৰে হাত ৰাঙলী কৰা বিদেশীৰ আশীষধন্য সেইসকল বন্দুকধাৰীক আমাৰ প্ৰজন্মই কাপুৰুষৰ শাৰীতহে থয় আমি আন্দোলন নেদেখিলোঁ, জাতীয়তাবাদী দল গঠন হোৱা নেদেখিলোঁ কিন্তু দেখা পালোঁ জাতীয়তাবাদৰ নামত পথৰ ভিক্ষাৰী, জোতা চিলাই কৰা মোচী আৰু চুলি কটা নাপিতৰ ওপৰত এচামে কৰা অকথ্য নিৰ্য্যাতন আমাৰ প্ৰজন্মৰ ভাই ভনীসকল সেই সময়ত প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আমি কি সেইবোৰ কৰ্ম সমৰ্থন কৰিব লাগিছিল? আমি কি সেইসকলে দেখুৱাই যোৱা পথেৰে খোজ মেলিব লাগিছিল? আমি তেওঁলোকক অনুসৰণ নকৰিলোঁ দশম-দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিচত আমাৰ আগৰচাম ককাইদেউসকলৰ দৰে নিশা বন্দুকৰ লালসাত ঘৰ এৰিব নোৱাৰিলোঁ 









আমি উচ্চাকাংক্ষী আমি ঘৰ এৰিলোঁ, কিন্তু হাবিলৈ নগৈ বিশ্ববিদ্যালয়লৈ গ'লোঁ আমি অসমৰ সৈতে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমূহৰ সমন্বয় গঠন কৰিলোঁ আমি ভাষা শিকিলোঁ আমি দেশৰ আন ভাই-ভনীসকলৰ সৈতে মিলিবলৈ শিকিলোঁ আমি অসমৰ বাহিৰত পঢ়িলোঁ আৰু চাকৰিও কৰিলোঁ আমি কেতিয়াও দেশৰ ভৌগলিক সীমাৰেখাৰ কথা নাভাবি কৰ্মৰে নিজৰ জীৱনক আগুৱাই নিয়াৰ কথা চিন্তা কৰিলোঁ আমি জানোঁ যে যেতিয়ালৈ আমাৰ দেশৰ প্ৰতিজন নাগৰিক শিক্ষা-দীক্ষাৰে সুসজ্জিত হৈ নুঠে তেতিয়ালৈ শোষণকাৰীয়ে আমাৰ ওপৰত শোষণ আৰু অত্যাচাৰ চলায়েই থাকিব সেয়েহে আমি বন্দুকতকৈ কলমক অধিক গুৰুত্ব দিলোঁ আন সকলো অসমীয়াৰ দৰে আমিও অসমীয়া ভাষা-সংস্কৃতিক শ্ৰদ্ধা কৰিবলৈ শিকিলোঁ আমি জুবিন গাৰ্গক পালোঁ তেওঁৰ গীতে আমাক শৈশৱত নিচুকালে, কৈশোৰত উৰিবলৈ শিকালে, যৌৱনত প্ৰেমত পেলালে আন্দোলন আৰু বন্দুক-বাৰুদৰ শব্দত ক্ৰম বিলুপ্তপ্ৰায় অসমীয়া আপুৰুগীয়া লোকসংগীতক জুবিন গাৰ্গৰ কণ্ঠই আমাৰ প্ৰজন্মৰ বুকুলৈ চপাই আনিলে তেওঁ আমাক সেই সকলোবোৰ সৈতে চিনাকী কৰাই দিলে যিবোৰৰ সৈতে আমি চিনাকী হোৱাতো প্ৰয়োজনীয় আছিল সেয়েহে আমি পৃথিৱীৰ য'তেই নাথাকিলেও অসমীয়া সংগীতক ভাল পাবলৈ শিকিলোঁ অসমীয়া সংগীত আৰু জুবিন গাৰ্গ আমাৰ প্ৰজন্মৰ বাবে এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি স্তব্ধ হৈ যোৱা সংগীতৰ জগতখনক সেউজীয়া কৰি গঢ়ি নৱপ্ৰজন্মৰ হিয়াৰ ওচৰলৈ অসমীয়া সংগীতক পুনৰাই আদৰি আনিলে সংগীতত পৰীক্ষা-নিৰীক্ষা কৰিলে, ভাৰতৰ অন্যান্য ৰাজ্যৰ সংগীত তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকসংগীতক অসমীয়া সংগীতেৰে সমন্বয় গঢ়ালে আৰু সুৰৰ যাদুৰে আমাৰ প্ৰজন্মৰ বাবে জুবিন গাৰ্গ হিয়াৰ আমঠু হৈ পৰিল সেই মৰম সদায়েই অক্ষুণ্ণ থাকিব জুবিন গাৰ্গক অসমে অসংখ্যবাৰ প্ৰতাৰণা তথা সমালোচনাৰে থকা-সৰকা কৰাৰ পিছতো আমাৰ প্ৰজন্মই জুবিনক ভাল পাবলৈ নেৰিলে তাৰ অৰ্থ এয়ে যে আমাৰ প্ৰজন্ম জুবিনৰ ওচৰত ঋণী জুবিনে আমাৰ প্ৰজ্ন্মক অসমীয়া সংগীতৰ মাটিৰ সুৰৰ সৈতে চিনাকী কৰালে আৰু আমিও ভাৰতৰ আন ৰাজ্যৰ ভাই-ভনী সকলক জুবিনৰ কণ্ঠৰ গীত শুনালোঁ কোৱা বাহুল্য যে জুবিনৰ যাদুকৰী সুৰ আৰু কণ্ঠক স্বয়ং তেওঁৰ ঘোৰ শত্ৰুইও প্ৰশংসা কাৰিবলৈ বাধ্য










কোনেও চিনি নোপোৱা গুৱাহাটীৰ ষ্টুডিঅ'ত অডিঅ' কেছেট ৰেকৰ্ডিং কৰি গান গোৱা দীঘল চুলিৰ ক্ষীণ চেহেৰাৰ সেই জুবিন গাৰ্গ স্বগৰিমাৰে উদ্ভাসিত হৈ মুম্বইলৈ আগুৱালে আন্তৰাষ্ট্ৰীয় বঁটা লাভ কৰিলে দেশৰ সৰ্বশ্ৰেষ্ঠ সংগীত উদ্যোগৰূপে খ্যাত পশ্চিমবংগৰ সংগীতজগতৰ অন্যতম জনপ্ৰিয় শিল্পীৰূপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ল আৰু লিমকা বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত আঞ্চলিক ভাষাত সৰ্বাধিক গীত গোৱা ভাৰতীয় গায়ক হিচাপে আমাৰ মৰমৰ জুবিন দাৰ নাম সন্নিৱিষ্ট হ' এই সকলোবোৰ ভাল খবৰে আমাৰ প্ৰজন্মটোক আটাইতকৈ বেছি আনন্দ দিলে কাৰণ জুবিন গাৰ্গ আমাৰ সময়ৰ গায়ক তেওঁৰ গান শুনি আমি শৈশৱ, কৈশোৰ আৰু যৌৱন অতিবাহিত কৰিছোঁ  কিন্তু এইসময়ত আমি যিসকল লোকক চিনিয়েই নাপাওঁ, যাৰ নাম আৰু ফোটো কেৱল বাতৰি কাকততহে দেখা পাওঁসেইসকল লোকে যদি আজি জুবিন গাৰ্গক গীত গাবলৈ নিষেধাজ্ঞা আৰোপ কৰে তেন্তে আটাইতকৈ বেছি ক্ৰোধান্বিত আমিয়েই হ' আমি কোনো সংগঠনৰ জন্ম ৰহস্য নাজানোঁ নতুবা আমাৰ প্ৰজন্মৰ কোনো সেই সংগঠনৰ সদস্যও নহয় যিসকল লোকৰ বাবে আমাৰ প্ৰজন্মৰ কোনো মূল্য নাই আৰু যিসকল লোকে আমাৰ প্ৰজন্মৰ বাবে কেতিয়াও একো কৰা নাই, সেইসকল লোকে কি সাহসত আমাৰ প্ৰজন্মৰ অতি মৰমৰ শিল্পীজনক গীত পৰিৱেশন কৰিবলৈ মানা কৰিব? তেওঁলোকৰ কি অধিকাৰ আছে যে বিদেশৰ হাবিত ঘূৰি-ফুৰি আমাৰ বিহুত, আমাৰ উলাহত তেওঁলোকে অতপালি কৰিব? এখন বিহু মঞ্চত কি ভাষাৰ আৰু কেনেকুৱা ধৰণৰ গীত পৰিৱেশন কৰাতো উচিত সেই কথা গায়কজনে আৰু উপস্থিত জনতাই নিৰ্দ্ধাৰণ কৰিব তাৰবাবে কাৰো পৰামৰ্শ অথবা ভাবুকিৰ প্ৰয়োজন নাই আজি জুবিন গাৰ্গে "ভৱিষ্যতে অসমৰ বিহু মঞ্চত গীত পৰিৱেশন নকৰোঁ" বুলি মুকলিকৈ ঘোষণা কৰাত আমি ব্যথিত হৈছোঁ আৰু তাতকৈও আচৰিত হৈছোঁ যে এচাম অসমীয়া লোকে জুবিনগাৰ্গক ভুল বুলি সমালোচনা কৰি সেই সংগঠনৰ লোকসকলক প্ৰত্যক্ষভাৱেই হওক বা পৰোক্ষভাৱেই হওক সমৰ্থন কৰিছে আমাৰ প্ৰজন্মক প্ৰতিবাৰেই অসমৰ বৌদ্ধিক মহলে সমালোচনা কৰি আহিছে কিন্তু দ্বায়িত্বশীল হিচাপে হিচাপে কোনোৱে আগবাঢ়ি আহি আমাৰ ভুল-ভ্ৰান্তিবোৰ শুধৰাই দিবৰ প্ৰয়াস কৰা নাই যদি আমাক তেওঁলোকে শুদ্ধ পথ দেখুৱাব নোৱাৰে, তেন্তে তেওঁলোকৰ আমাক সমালোচনা কৰাৰ অধিকাৰো নাই আমি আৰু আমাৰ মৰমৰ জুবিন গাৰ্গ সদায়েই পাৰস্পৰিক মৰমৰ মাজেৰে জীয়াই থাকিম আমি নিশ্চিত যে আমাৰ জুবিন দাই গীত গাবই, গাবই লাগিব আমাৰ বাবেই তেওঁ পুনৰাই মঞ্চলৈ ঘূৰি আহিব লাগিব এয়া আমাৰ মৰমৰ প্ৰতিশ্ৰুতি

Monday, January 16, 2012

অসমীয়া ভাষা আৰু “য়ুনিক’ড”-ৰ প্ৰয়োজনীয়তা

এটা সময় আছিল, যিসময়ত কম্প্যুটাৰকে আদি কৰি মোবাইল ফোন ইত্যাদি সকলো ইলেক্ট্ৰনিক সঁজুলিত ইংৰাজীৰ বাহিৰে আন ভাষা লিখিব আৰু পঢ়িব পৰা সুবিধা নাছিল; তেতিয়া অনলাইন হওঁক বা অফলাইন হওঁক, সকলো ধৰণৰ এপ্লিকেশ্যনতে পৃথিৱীৰ সকলো ভাষাৰ লোকৰ বাবে কেৱল ইংৰাজী ভাষাটোৱেই সংযোগ আৰু যোগাযোগৰ একমাত্ৰ মাধ্যম আছিল । এই প্ৰক্ৰিয়াৰ ওৰ পেলাবলৈ ১৯৯১ চনত Unicode consortium নামৰ অপেছাদাৰী সংগঠনটোৱে “য়ুনিক’ড” নামেৰে এক পদ্ধতিৰ আৱিস্কাৰ কৰে।  । এই পদ্ধতিৰ সহায়ত পৃথিৱীৰ প্ৰায় সকলো দেশৰে ভাষা সমূহক “য়ুনিক’ড”-এ মান্যতা প্ৰদান কৰে আৰু প্ৰতিটো ভাষাৰ প্ৰতিটো বৰ্ণ আৰু চৰিত্ৰ সমূহক নিজাববীয়াকৈ সুকীয়া সুকীয়া ৰেঞ্জ কিছুমানৰ অন্তৰ্ভূক্ত কৰে, ফলত যিবোৰ কম্প্যুটাৰ কোম্পানীয়ে নিজৰ নিজৰ অপাৰেটিং চিষ্টেমত “য়ুনিক’ড” পদ্ধতিক আঁকোৱালি লৈছে, সেই সকলোবোৰ কম্প্যুটাৰত “য়ুনিক’ড”-এ মান্যতা প্ৰদান কৰা ভাষা সমূহ দৃশ্যমান হোৱাটো সম্ভৱ হ’ল । ফলত ইংৰাজীৰ বাহিৰেও আজি ইন্টাৰনেটত পৃথিৱীৰ অন্যান্য ভাষাৰ ৱেবচাইট দেখোবলৈ পাইছোঁ । “য়ুনিক’ড”-এ লাহে লাহে পৃথিৱীৰ প্ৰায় সকলো ভাষাকে সাঙুৰি আনিছে আৰু পৃথিৱীৰ প্ৰায় সকলোবোৰ কম্প্যুটাৰ কোম্পানীয়ে এই পদ্ধতিক নিজ নিজ কম্প্যুটাৰত আঁকোৱালি লৈছে । এই দ্বৈত-মিলন প্ৰক্ৰিয়াৰ ফলশ্ৰুতিত আমি আজি কম্প্যুটাৰ সমূহত বিশ্বৰ প্ৰায় সকলো দেশৰে আঞ্চলিক ভাষা সমূহ পঢ়িবলৈ সক্ষম হৈছোঁ আৰু ইন্টাৰনেট জগতত সকলো দেশৰে আঞ্চলিক ভাষাৰ নিজস্ব ৱেবচাইট দেখিবলৈ পাইছোঁহক । মাইক্ৰ’চ’ফ্ট, লিনাক্স, আই বি এম ইত্যাদি সকলো কোম্পানীয়ে এই পদ্ধতি গ্ৰহন কৰিছে । কিছুমান কোম্পানীয়ে আগতীয়াকৈ আৰু কিছুমানে শেহতীয়াকৈ এই পদ্ধতি গ্ৰহন কৰিছে । গতিকে এই কথা প্ৰতিয়মান হয় যে অনাগত দিন সমূহত আমি আমাৰ আঞ্চলিক ভাষাক বিশ্বমূখী কৰিবলৈ “য়ুনিক’ড”ৰ পদ্ধতিৰ সহায় লাগিব‍ই, অন্ততঃ প্ৰচলিত সময়ৰ প্ৰতি লক্ষ্য ৰাখিলে দেখিম যে এ‍ই পদ্ধতিৰ কোনো বিকল্প নাই । হিন্দী আৰু উৰ্দুকে ধৰি ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ আঞ্চলিক ভাষা সমূহ যেনে মাৰাঠী,পঞ্জাবী,তেলুগু,বাঙালী ইত্যাদি ইতিমধ্যে “য়ুনিক’ড”ৰ দ্বাৰা স্বীকৃত আৰু সেয়েহে আমি এই সকলোবোৰ ভাষাৰ ৱেবচাইট ইন্টাৰনেটত দেখিবলৈ পাইছোঁ । ইমানেই নহয়, এই সকলোবোৰ ভাষাক মোবাইল ফোন,এ.টি.এম মেশ্যিন ইত্যাদি অন্যান্য ইলেক্ট্ৰনিক সঁজুলিতো পঢ়িবলৈ আৰু লিখিবলৈ উপলব্ধ হৈছে । কিন্তু অসমীয়া ভাষাৰ লগত বিজুতি ক’ত ঘটিল যাৰ বাবে আমি অসমীয়াত ৱেবচাইট নিৰ্মাণ কৰিবলৈ যাওঁতে আহুকালত পৰিবলগীয়া হয় নতুবা অসমীয়া ৱেবচাইট সমূহে আহিও নিজৰ নিজৰ ৱেবপেজ সমূহ ইমেজ আকাৰে আপলোড কৰিবলগীয়া হয়? ইন্টাৰনেটত প্ৰত্যক্ষভাবে অসমীয়াত লিখিব আৰু পঢ়িব পোৱা বিষয়টোত আজিও বহু সীমাবদ্ধতা আছে । এই সীমাবদ্ধতাবোৰ অতিক্ৰম কৰিলেহে অসমীয়া ভাষাই নিজস্বত্ব ৰক্ষা কৰি এক স্বতন্ত্ৰ ভাষা ৰূপে বিশ্বৰ সমুখত মূৰ দাঙিব পাৰিব।
এই আলোচনাত প্ৰধানতঃ অসমীয়া ভাষাৰ বাবে “য়ুনিক’ড”ৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰা হ’ব । আমি আমাৰ পূৰ্বৰ লেখা “য়ুনিক’ড আৰু অন্য প্ৰসংগ“ত ইতিমধ্যে উল্লেখ কৰিছোঁ যে পূৰ্বতে “য়ুনিক’ড”-এ অসমীয়া আৰু বাঙালী দুয়োটা ভাষাকে একেটা ৰেঞ্জতে ৰাখিছিল । সেই ৰেঞ্জ মতে অসমীয়া ভাষা বুলি কোনো এটা সুকীয়া ভাষাৰ কথা তেওঁলোকে উল্লেখ কৰা নাছিল । কেৱল বাঙালী বৰ্ণমালাৰ ভিতৰত অসমীয়া “ৰ” আৰু “ৱ” বৰ্ণ দুটা অন্তৰ্ভূক্ত কৰি অসমীয়া ভাষাক বাংলা ভাষাৰ এক উপভাষা হিচাপেহে বিশ্ববাসীৰ সন্মুখত উপস্থাপন কৰিছিল । এই কৰ্মৰ প্ৰতিবাদস্বৰূপে “য়ুনিক’ড”ৰ ডিৰেক্টৰীত অসমীয়া ভাষাক সুকীয়া ভাষাৰ মৰ্য্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত এক ডিজিটেলাইজড ভাষা আন্দোলনৰ আৰম্ভ হ’ল । “য়ুনিক’ড”ৰ ভিতৰচ’ৰাত পৰিৱৰ্তন সদায়েই হৈ আহিছে, তেওঁলোকে নতুন নতুন সংস্কৰণ সমূহত সময় সাপেক্ষে পৰিৱৰ্তন আৰু সংশোধনৰ ব্যৱস্থা ৰাখি আহিছে; সেইবাবে আমাৰ এই ভাষা আন্দোলনে প্ৰথমলানি সফলতা লাভ কৰিবলৈ সক্ষম হ’ল। এই সফলতাত “য়ুনিক’ড”-এ সম্পূৰ্ণ সহযোগ প্ৰদান কৰিলে আৰু অৱশেষত আমি ব্যৱহাৰ কৰা লিপি সমূহক অন্ততঃ অসমীয়া আৰু বাংলা উভয় ভাষাতেই ব্যৱহাৰ কৰা হয় বুলি ২০১১ চনত তেওঁলোকে ঘোষণা কৰিলে। ভিতৰৰ কথাবোৰ পিছেপৰে আলোচনা কৰি থাকিম,কিন্তু অসমৰ প্ৰতিজন মানুহেই জনা উচিত যে অসমীয়া ভাষাক যদি “যুনিক’ড”-এ সুকীয়া ভাষাৰ মৰ্য্যাদা প্ৰদান নকৰে তেনেহ’লে ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ ভৱিষ্যতে কোনো চিন চাব নাথকিব আৰু এই ঐতিহ্যপূৰ্ণ ভাষাটো সময়ত বাঙালী ভাষাৰ মাজত জাহ যাব। তেতিয়া আমি কি কৰিম?
সাধাৰণ ভাবে কথাষাৰ ভাবি চালেই আপোনালোকে গম পাব যে আজিৰ পৰা কিছু বছৰ আগতে যিবোৰ মোবাইল ফোন আমি ব্যৱহাৰ কৰিছিলোঁ সেইবোৰত ইংৰাজীৰ বাহিৰে আন কোনো ভাষা দেখা পোৱা নগৈছিল । পুৰণি অ’পাৰেটিং চিষ্টেম, যেনে Windows 2000/XP ইত্যাদি ব্যৱহাৰ কৰা সকলে ইন্টাৰনেটত ভালকৈ অসমীয়া পঢ়িব বা লিখিব নোৱাৰে,বহুতো অসুবিধা পায়। কিন্তু লাহে লাহে যিবোৰ নতুন হাৰ্ডৱেৰ আৰু চ’ফ্টৱেৰৰ আৱিস্কাৰ হ’ল,সেইবোৰত আমাৰ দেশৰ প্ৰায় সকলোবোৰ ভাষা পঢ়িবলৈ আৰু লিখিবলৈ পোৱাটো সম্ভৱ হ’ল। গুগলৰ হিন্দী, বাঙালী,গুজৰাটী সকলো সংস্কৰণ ওলাইছে,ৱিকিপেডিয়া আজিকালি আঞ্চলিক ভাষাত ইন্টাৰনেটত প্ৰকাশ হয়, মাইক্ৰ’চ’ফ্টৰ নতুন অপৰেটিং চিষ্টেম (Windows 7)ৰ আঞ্চলিক ভাষাৰ সংস্কৰণ ওলাইছে, MS Wordৰ আঞ্চলিক ভাষাৰ সংস্কৰণ ওলাইছে; ফলত গোটেই পৃথিৱীত ইলেক্ট্ৰনিক সঁজুলিসমুহৰ আঞ্চলিক ভাষাৰ অন্তৰ্ভূক্ত কৰাৰ যি পৰিৱেশ গঢ় লৈ উঠিছে সি ব্যৱসায়িক দৃষ্টিভংগীৰো সলনি ঘটাইছে। আজিকালি সকলো কোম্পানীয়ে তেওঁলোকৰ চফ্টৱেৰ সমূহৰ আঞ্চলিক ভাষাৰো এক সংস্কৰণ সমান্তৰালকৈ উলিয়াবলৈ লৈছে। এই সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ লোকসকলে নিজৰ নিজৰ ভাষাক বিশ্বৰ সন্মুখলৈ আগুৱাই নিবলৈ উঠি পৰি লাগিছে। সকলোৱে নিজৰ ৱেবচাইট নিজৰ ভাষাত প্ৰস্তুত কৰিব ধৰিছে। গতিকে আমি অসমীয়া সমাজে যদি সময়ৰ লগত তাল মিলাই আগবাঢ়িব নোৱাৰোঁ তেনেহ’লে আমি পিছ পৰি ৰ’ম আৰু পৃথিৱী আমাতকৈ বহু আগবাঢ়ি যাব। এয়াই সন্ধিক্ষণ,এই সময়ৰ সদব্যৱহাৰ কৰি আমি যদি এতিয়াই আমাৰ ভাষাক বিশ্বৰ সন্মুখলৈ আগুৱাই লৈ যাব নোৱাৰোঁ, তেনেহ’লে অসমীয়া ভাষা সমগ্ৰ পৃথিৱীৰ বাবে হয় পাহৰণি হৈ ৰ’ব নহয় এলাগী হৈ ৰ’ব। আমাৰ প্ৰশ্ন,আপোনালোকে এই দুটাৰ কোনটো হ’লে ভাল পাব?
বহুতো সৰ্বভাৰতীয় পৰীক্ষা আজিকালি অনলাইন মাধ্যমত সম্পন্ন হয়। এনে এটা দিন আহিব, যিদিনা সুজ বিপ্লৱৰ গ‍ইনা লৈ সমগ্ৰ পৃথিৱীত কাগজৰ ব্যৱহাৰ কমাই পেলোৱাৰ আইন প্ৰস্তুত কৰা হ’ব। (উদাহৰণ স্বৰূপে আপোনালোকে “ভাৰতীয় ষ্টেট বেংক”ৰ গ্ৰীণ চেনেল কাউন্টাৰৰ কথা ভাবিব পাৰে) তেতিয়া অসমৰ পৰীক্ষাসমূহৰ বাবেও অনলাইন পদ্ধতিৰ বিকল্প নাথাকিব। সিদিনা “য়ুনিক’ড” অবিহনে আমাৰ বাবে এই পন্থা কেতিয়াও কাৰ্য্যকৰী নহ’ব। সেই সময়ত যদি অসমীয়া ভাষাক “য়ুনিক’ড”-এ স্বীকৃতি নিদিয়ে, তেনেহ’লে আমি আমাৰ পৰীক্ষা সমূহক বিশ্বৰ মানডণ্ডৰ লগত একাত্ম কৰিব নোৱাৰিম। আজিকালি অনলাইন এডুকেশ্যন,অনলাইন পাঠদান ইত্যাদি সকলো ব্যৱস্থাৰে উদ্ভৱ হৈছে,এইবোৰৰ পৰা অমি অসমীয়া ভাষাক পিছুৱাই ৰাখিম কেনেকৈ? আমিওতো আগবঢ়ি যাব লাগিব। সিদিনা আমাৰ বাবে “য়ুনিক’ড”-এ একমাত্ৰ সম্বল ৰূপে পৰিগণিত হ’ব। গতিকে এই কথা অপোনালোকে অন্তৰত ভলকৈ সাঁচ বহুৱাই লওঁক যে আগন্তুক শতিকাত ইন্টাৰনেট জগতৰ সৈতে বিশ্বৰ যি আমূল পৰিৱৰ্তন হ’বলৈ ওলাইছে, সেই পৰিৱৰ্তনৰ বুৰঞ্জীত অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষাৰ সকলোবোৰ আলোচনা, সমালোচনা,চিন্তা-চৰ্চ্চা ইত্যাদিৰ ইতিৰ দিশটো হ’ল “য়ুনিক’ড”-এ অসমীয়া ভাষাক পৃথিৱীৰ এক সুকীয়া ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিব লাগিব আৰু তাৰ বাবে অসমীয়া ৰাইজ সজাগ হ’ব‍ই লাগিব। যিমানেই অসমীয়া ৰাইজ ওলাই আহি অনলাইন মাধ্যমত নিজৰ ভাষাক প্ৰতিনিধিত্ব কৰিব,সিমানেই আমাৰ এই আন্দোলন গাঢ়তৰ হৈ পৰিব। আহক, “য়ুনিক’ড”ৰ জৰিয়তে অসমীয়া ভাষাক বিশ্বত জীয়াই ৰাখিবলৈ আমি আমাৰ কৰণীয় সকলোখিনি কৰি যাওঁহক, এই অভিযানে সফলতা পাওঁক।
“চিৰ চেনেহী মোৰ ভাষা জননী”

“য়ুনিক’ড” আৰু অন্য প্ৰসংগ:

অলপ পলমকৈ হ’লেও অৱশেষত “য়ুনিক’ড’-এ অসমীয়া ভাষাটোৰ বাবে নিজস্ব “ৰেঞ্জ” প্ৰতিস্থা কৰিলে।ই সুখবৰ।এই খবৰ কিছু পুৰণি হ’ল,যুনিক’ডৰ লগত সম্পৰ্ক থকা প্ৰতিজনৰে জ্ঞাত যে অন্ততঃ এই লিপিটোক অসমীয়া আৰু বাঙালী,উভয় ভাষাতেই ব্যৱহাৰ হোৱা বুলি তেওঁলোকে স্বীকৃতি প্ৰদান কৰিলে। তথাপিও ইমানতে উত্ৰাৱল হ’বলগীয়া একো নাই। এতিয়াও বহুত বাকী। “য়ুনিক’ড”-ৰ ভিতৰ চ’ৰাত এতিয়াও অসমীয়া ভাষাক সুকীয়া ভাষাৰ মৰ্য্যাদা প্ৰদান কৰিবলৈ বহু বাকী আছে। আমি আশা ৰাখিছোঁ,অনতিপলমে এই সুখবৰো আমি শুনিবলৈ পাম। আলোচনাৰ বিষয় অন্য এক প্ৰসংগলৈ হে। আজিৰ বাদে কাইলৈ অসমীয়া ভাষাক সুকীয়াকৈ “য়ুনিক’ড”-এ স্বীকৃতি দিব,আমিও সুখী হ’ম;কিন্তু এইখিনিতে আমাৰ কৰণীয় শেষ বুলি ভাবিম নে? কোনোপধ্যেই নহয়। তেতিয়া আমাৰ দ্বায়িত্ব বাঢ়িবহে। আমি আমাৰ ভাষাৰ বাবে নতুনকৈ ফন্ট তৈয়াৰ কৰিব লাগিব। ইলেক্ট্ৰনিক মাধ্যমত অসমীয়াক ভাষাক সুস্থ ৰূপত প্ৰতিস্থা কৰিবলৈ আমি সকলোখিনি প্ৰয়োজনীয় কাম কৰি যাব লাগিব।
আমি কথাটো প্ৰাৰম্ভিক পৰ্য্যায়ৰ পৰা আৰম্ভ কৰোঁহক। প্ৰথমে আমাক এখন নিজস্ব “অসমীয়া কী-বোৰ্ড” লাগে,যিখনে অসমীয়া ভাষাৰ প্ৰতিটো বৰ্ণ চৰিত্ৰ “য়ুনিক’ড ফন্ট” সমূহৰ মাজেৰে ফুটাই তুলিব পাৰে। আজি আমি বাংলাদেশৰ কী-বোৰ্ড (অভ্ৰ) ব্যৱহাৰ কৰি যুনিক’ডত অসমীয়া লিখি আছোঁ, আনকি যিখিনি ফন্ট ব্যৱহাৰ কৰি আছোঁ সেইখিনিও বাঙালী। পাৰ্থক্য এইখিনিতেই যে সেই বাঙালী ফন্ট সমূহৰ ভিতৰৰ বৰ্ণ চৰিত্ৰত অসমীয়া “ৰ” আৰু “ৱ” আখৰ দুটা সুমোৱাই দি আমাৰ মুখ বন্ধ কৰি থৈ দিয়া হ’ল। জনৈক ডেকা বন্ধুৱে এদিন কথাই কথাই জনালে যে বাঙালী হ’লে কি হ’ল,কিনো বেয়া হ’ল? আমি লিখোতে বাঘ-ভালুক নোলাই অসমীয়া আখৰকেইটা ওলালেই হ’ল। আন এক বন্ধুৱে এদিন চাহ মেলত কথা প্ৰসংগত কৈ পেলালে যে কী বোৰ্ড খন বাংলাদেশী হওঁক,কন্নড় হওঁক নতুবা মাইক্ৰচ’ফ্টৰ ইণ্ডিক হওঁক,এইবোৰ সমাজৰ হিতৰবাবেই সেই দেশৰ পণ্ডিত সকলে আৱিস্কাৰ কৰিছে, আমি লিখিবহে লাগে। বাৰে বাৰে কী-বোৰ্ড আৱিস্কাৰ কৰাটো প্ৰয়োজনীয় নেকি? যদি বিদেশী কী-বোৰ্ড আৰু বেলেগৰ ফন্ট ব্যৱহাৰ কৰি আমি অসমীয়া লিখিবলৈ সক্ষম হৈছোঁ,তেনেহ’লে মিছামিছি আমাৰ অসমীয়াত কিহৰ এখন নতুন কী-বোৰ্ড লাগে? এৰা! বাহিৰৰ মাছ,আলু,পিয়াঁজ খাই খাই মানুহবোৰৰো মনবোৰ বন্ধকী থোৱা অসমীয়া যেন হৈছে।
দ্বিতীয় কথা,আমি বাঙালী,কন্নড় বা আমেৰিকাৰ কীবোৰ্ড বেয়া বুলি কোৱা নাই। যিসময়ত “যুনিক’ড”-এ অসমীয়া ভাষাৰ বাবে ৰেঞ্জ প্ৰস্তুত কৰা নাছিল,তেতিয়া ইন্টাৰনেট মাধ্যমত অসমীয়া লিখিবলৈ বিদেশী ফন্ট আৰু বিদেশী কী-বোৰ্ড কেইখনেই আমাৰ সম্বল আছিল। কিন্তু তেহিনো দিৱসা গতাঃ। আজি আমাৰ সমুখত নতুন সময় আহি পৰিছে। য়ুনিক’ডৰ ভিতৰচৰাৰ পৰিৱৰ্তন হৈছে। তেওঁলোকে যিহেতু অসমীয়া ভাষাৰ বাবে ৰেঞ্জ প্ৰতিস্থা কৰিলেই,কাইলৈ ভাষিক স্বীকৃতিও প্ৰদান কৰিব। তেতিয়া এজন সঁচা তেজ থকা অসমীয়া বন্ধুৱে নিজৰ ভাষাক অ‌ইন ভাষাৰ মাধ্যমত উপস্থাপন কৰিবলৈ গৈ সঁচাই সুখী হ’বনে? যিদিনা নিজৰ ভাষা বিশ্বমূখী হ’ল বুলি গৌৰৱত বুকু ফিন্দাই ক’ম,সিদিনা আমাৰ ভাষাক বিশ্বৰ সমুখত বাংলাদেশৰ কী-বোৰ্ডেৰে উপস্থাপন কৰিবলৈ মন যাবনে? নিশ্চয় নাযাব। সিদিনা আমাৰ অন্তৰে নিজস্ব অসমীয়া কী-বোৰ্ড আৰু নিজস্ব অসমীয়া “য়ুনিক’ড” ফন্টৰ বাবে হাহাকাৰ কৰিব। নিজৰ ভাষা, নিজা ফন্ট, নিজা কী-বোৰ্ড।আমি আশা কৰোঁ,আজিলৈ আমি যিখিনি সহি আহিছোঁ,যিবোৰ বিতৃষ্ণা পাইছোঁ, এইবাৰ এই সকলোখিনিৰে অন্ত পৰক। ওলোটাকৈ বাংলাদেশে অসমীয়া কী-বোৰ্ড আৰু ফন্ট ব্যৱহাৰ কৰি য়ুনিক’ডত বাঙালী ভাষাত লিখক। আমাৰ ভাষাক বিশ্বমূখী কৰাৰ দ্বায়িত্ব আমাৰেই।  ক্ষন্তেকতে বিহ্বল নহৈ সুস্থিৰমতে কাম আগবঢ়াই লৈ গ’লে সকলো সম্ভৱ হ’ব পাৰে। অসমীয়াই কাহানিও শিৰ নত কৰা নাই আৰু নকৰে। সমাজত বিভেদ সৃষ্টকাৰী অশুভ লোকৰ প্ৰভাৱ সদায়েই থাকিব,পশ্চাত্‍মূখীতাত নিজৰ ব্যক্তিকেন্দ্ৰিক চিন্তাক সমাজমূখী বুলি প্ৰতিস্থা কৰিবলৈ এচামে উঠি পৰি লাগিব‍ই; কিন্তু নিজৰ মাতৃ, নিজৰ ভাষা সবাৰো উৰ্দ্ধত।
এই ক্ষেত্ৰত আমি ডা০ বনজিত্‍পাঠকৰ নাম উল্লেখ কৰিব লাগিব। তেওঁ কোনো প্ৰচাৰমূখী সংগঠনৰ সহায় নোলোৱাকৈ নীৰৱে অসমীয়া ভাষাৰ বাবে “য়ুনিক’ড ফন্ট “কুঁহিপাত”ৰ আৱিস্কাৰ তথা য়ুনিক’ডত অসমীয়া লিখিবলৈ “ৰামধেনু”ৰে সামঞ্জস্য থকা কী-বোৰ্ড “পূবেৰূণ”ৰ আৱিস্কাৰ কৰি ভাষাৰ ই-জোনাকী যুগৰ নব্য যাত্ৰাক যি দিকদৰ্শী গতি প্ৰদান কৰিছে,সি নিঃসন্দেহে সকলো প্ৰশংসাৰ উৰ্দ্ধত।
অমাক আমাৰ বাবে নিজাকৈ অসমীয়া কী-বোৰ্ড এখন কিয় লাগে,সেই কথা আপোনালোকে “পূবেৰূণ” ব্যৱহাৰ কৰিলেই গম পাব। “বাৰাহা” নতুবা “অভ্ৰ” ব্যৱহাৰ কৰিলে আমি “যুনিক’ড”-ত ড০, ঁ আদিবোৰ চৰিত্ৰ সঠিককৈ লিখিবলৈ নোৱাৰোঁ,আনহাতে এইবোৰ চৰিত্ৰৰ অনুপস্থিতিত অসমীয়া ভাষা অসম্পূৰ্ণ। অসমীয়া ভাষাত ব্যৱহাৰ কৰা “দাঢ়ি” “বাৰাহা”ৰ কোনো চৰিত্ৰত নাই। সেয়েহে বাক্য এটা লিখি শেষ কৰি অলপ অসুবিধাত পৰিবলগীয়া হয়। কিন্তু “পূবেৰূণ”-এ এই সকলোবোৰ সমস্যাৰ ওৰ পেলাই নতুন ৰূপত যুনিক’ডক আপোনাসৱৰ মাজলৈ আগবঢ়াই আনিছে।
এতিয়া আন এটা প্ৰধান সমস্যা হ’ল,পূৱেৰূণ ফনেটিক নহয়। এই কথা পাঠক ডাঙৰীয়াই আগতেই কৈছে। পূবেৰূণৰ লে-আউট ৰামধেনুৰ লগত একেই। কিন্তু সকলোৱে ডি.টি.পি নাজানে। নজনাসকলৰ বাবে ফনেটিক কী-বোৰ্ডৰ প্ৰয়োজন হ’ব। উপায় কি?
ফনেটিক কী-বোৰ্ডৰ কথা কওঁতে “বাৰাহা”ৰ কথা প্ৰথমে ক’ব লাগিব। আমি এই কী-বোৰ্ডৰ অসুবিধাসমূহ উল্লেখ কৰিছোঁৱেই। কিন্তু “বাৰাহা” সম্পূৰ্ণৰূপে বৈজ্ঞানিক আৰু ব্যৱহাৰৰ বাবে অতিকৈ সহজ। বৰ্ণমালাৰ প্ৰতিটো বৰ্ণক যথোপযুক্ত ভাবে “ভাৰতীয় ভাষাতত্ব”ৰ আধাৰত প্ৰস্তুত কৰা হৈছে। যুক্তাক্ষৰ সম্পূৰ্ণ শুদ্ধ,যুক্তিশীল আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ। ফনেটিক মানে কি, সেয়া সম্পূৰ্ণকৈ প্ৰতিফলন হৈছে “বাৰাহা”ৰ মাজেৰে। ভাষা শিকাৰুৱে “বাৰাহা” ব্যৱহাৰ কৰিলে শুদ্ধকৈ অসমীয়া লিখিবলৈ সক্ষম হ’ব। “বাৰাহা”ৰ কথা কওঁতে একেলগে আমি “মাইক্ৰ’চ’ফ্ট”ৰ “ইণ্ডিক ইনপুট”ৰ কথাও ক’ব লাগিব। ই অতিকৈ সহজ আৰু শুদ্ধ পদ্ধতিৰ কী-বোৰ্ড। “বাৰাহা”ৰ লগত বহু মিল আছে যদিও ই “বাৰাহা”তকৈ সহজহে। এইখন কী-বোৰ্ডৰ কনচেপ্টটো অলপ বেলেগ, সেয়েহে মানুহে ব্যৱহাৰ কৰি ভাল পায়।
আনহাতে অভ্ৰ হৈছে বাংলাদেশী কী-বোৰ্ড। অসমীয়াত লিখা গ’লেও ইনপুটৰ চৰিত্ৰবোৰ অসমীয়া ভাষাৰ লগত নিমিলে। অভ্ৰত খৰকৈ লিখিব পাৰি। কিন্তু ই অসমীয়া ভাষাৰ বাবে বৈজ্ঞানিক ভাবে প্ৰমানিত নহয়। এনেকুৱা ইনপুট আমাৰ ভাষাৰ বাবে ধ্বংসকাৰী। আমাৰ ন-শিকাৰু সকলে ভাষাৰ গঠন,বিন্যাস আৰু যুক্তাক্ষাৰৰ জ্ঞানৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা অধিক।
এষাৰ কথা মাজতে উনুকিয়াই থওঁ যে,যিসকলৰ ইতিমধ্যে ভাষাটোৰ ওপৰত অলপ হ’লেও দখল আছে, তেওঁলোকৰ বাবে যিকোনো এখন কী-বোৰ্ড হ’লেই যথেষ্ট,কাৰণ তেওঁলোকে ইতিমধ্যে ভাষাৰ গঠন,বিন্যাস,যুক্তাক্ষাৰ ইত্যাদিক কম বেছি পৰিমানে হৃদয়ংগম কৰিব পাৰিছে। কিন্তু ন-শিকাৰু সকলক আমি সুস্থিৰভাবে শিকাব লাগিব,তেওঁলোকক শুদ্ধ জ্ঞান দিব লাগিব। এনেয়ে লিখিলেইতো নহয়,জানি বুজি শুদ্ধকৈ লিখিলেহে ভাষা জীয়াই ৰ’ব,নহ’লে দেখোন আধামৰা হ’ব। কথা হ’ল যদি আমি ভাষাক বিশ্বৰ দৰবাৰলৈ আগুৱাই লৈ যাব লাগে তেনেহ’লে আমাৰ সকলোখিনি শুদ্ধ আৰু ভাষিক দৃষ্টিকোণৰ ফালৰ পৰা বৈজ্ঞানিক ভাবে প্ৰমাণিত হ’ব লাগিব। নহ’লে বাংলাদেশৰ শৰণাগত হৈয়ে বিহু নচাৰ বাহিৰে অ‍ইন উপায় নাই।
সেয়েহে ,আমি ক’ব খোজোঁ যে আমাক এখন শুদ্ধ আৰু বৈজ্ঞানিক ভাবে প্ৰমানিত ফনেটিক অসমীয়া কী-বোৰ্ড লাগে যিখনৰ সহায়ত যুনিক’ডত লিখিব পৰা যায়। যিখনে অসমীয়া ভাষাৰ প্ৰতিটো বৰ্ণ চৰিত্ৰক প্ৰতিনিধিত্ব কৰে আৰু য়ুনিক’ডত অসমীয়া লিখন সহজসাধ্য কৰি তোলে। বেলেগ ভাষাৰ কী-বোৰ্ডৰ আধাৰত অসমীয়া লিখোতে যিবোৰ অসুবিধাৰ সমুখীন হ’বলগীয়া হয়, সকলোবোৰৰ যেন ওৰ পৰে। আধাৰ হিচাপে “বাৰাহা” নতুবা “ইণ্ডিক আউটপুট”ৰ কথা ভাবিব পাৰি। আমাৰ অসমীয়া চ’ফ্টৱেৰ অভিযন্তাসকলে নিজৰ ভাষাৰ বাবে এই কৰ্মটোত নিশ্চয়কৈ আগভাগ ল’ব পাৰে। ইতিমধ্যে অসমীয়া য়ুনিক’ড সংঘকে আদি কৰি বহুতো গোটৰ সৃষ্টি হৈছে, এইবোৰ গোটক আমি ফেচবুকতো দেখিবলৈ পাইছোঁ। সকলোৱে অহোৰাত্ৰ এই চিন্তাতে ব্ৰতী হৈ আছে। আগ্ৰহী সকলো অসমীয়া ওলাই আহক,নিজৰ ভাষাক পৰৰ ঘৰত নঙলা ৰখীয়া পতিব নোৱাৰি। এইবাৰ আমাৰ পাল। নিজা কী-বোৰ্ড,নিজা ফন্ট আৰু য়ুনিক’ড স্বীকৃত অসমীয়া লিপি লৈ বিশ্বৰ সমুখলৈ অসমীয়া ভাষাক আগুৱাই লৈ যোৱাৰ যি অভিযান গঢ়ি উঠিছে সি সফল হ’ব‍ই, সফতাৰ পথত ইতিমধ্যে ভালেমান পথ আগবাঢ়িছে। ই-জোনাকী যুগৰ নতুন অসমীয়াৰ এয়া প্ৰতিশ্ৰুতি।
(গণ অধিকাৰত প্ৰকাশিত )