Monday, January 16, 2012

“য়ুনিক’ড” আৰু অন্য প্ৰসংগ:

অলপ পলমকৈ হ’লেও অৱশেষত “য়ুনিক’ড’-এ অসমীয়া ভাষাটোৰ বাবে নিজস্ব “ৰেঞ্জ” প্ৰতিস্থা কৰিলে।ই সুখবৰ।এই খবৰ কিছু পুৰণি হ’ল,যুনিক’ডৰ লগত সম্পৰ্ক থকা প্ৰতিজনৰে জ্ঞাত যে অন্ততঃ এই লিপিটোক অসমীয়া আৰু বাঙালী,উভয় ভাষাতেই ব্যৱহাৰ হোৱা বুলি তেওঁলোকে স্বীকৃতি প্ৰদান কৰিলে। তথাপিও ইমানতে উত্ৰাৱল হ’বলগীয়া একো নাই। এতিয়াও বহুত বাকী। “য়ুনিক’ড”-ৰ ভিতৰ চ’ৰাত এতিয়াও অসমীয়া ভাষাক সুকীয়া ভাষাৰ মৰ্য্যাদা প্ৰদান কৰিবলৈ বহু বাকী আছে। আমি আশা ৰাখিছোঁ,অনতিপলমে এই সুখবৰো আমি শুনিবলৈ পাম। আলোচনাৰ বিষয় অন্য এক প্ৰসংগলৈ হে। আজিৰ বাদে কাইলৈ অসমীয়া ভাষাক সুকীয়াকৈ “য়ুনিক’ড”-এ স্বীকৃতি দিব,আমিও সুখী হ’ম;কিন্তু এইখিনিতে আমাৰ কৰণীয় শেষ বুলি ভাবিম নে? কোনোপধ্যেই নহয়। তেতিয়া আমাৰ দ্বায়িত্ব বাঢ়িবহে। আমি আমাৰ ভাষাৰ বাবে নতুনকৈ ফন্ট তৈয়াৰ কৰিব লাগিব। ইলেক্ট্ৰনিক মাধ্যমত অসমীয়াক ভাষাক সুস্থ ৰূপত প্ৰতিস্থা কৰিবলৈ আমি সকলোখিনি প্ৰয়োজনীয় কাম কৰি যাব লাগিব।
আমি কথাটো প্ৰাৰম্ভিক পৰ্য্যায়ৰ পৰা আৰম্ভ কৰোঁহক। প্ৰথমে আমাক এখন নিজস্ব “অসমীয়া কী-বোৰ্ড” লাগে,যিখনে অসমীয়া ভাষাৰ প্ৰতিটো বৰ্ণ চৰিত্ৰ “য়ুনিক’ড ফন্ট” সমূহৰ মাজেৰে ফুটাই তুলিব পাৰে। আজি আমি বাংলাদেশৰ কী-বোৰ্ড (অভ্ৰ) ব্যৱহাৰ কৰি যুনিক’ডত অসমীয়া লিখি আছোঁ, আনকি যিখিনি ফন্ট ব্যৱহাৰ কৰি আছোঁ সেইখিনিও বাঙালী। পাৰ্থক্য এইখিনিতেই যে সেই বাঙালী ফন্ট সমূহৰ ভিতৰৰ বৰ্ণ চৰিত্ৰত অসমীয়া “ৰ” আৰু “ৱ” আখৰ দুটা সুমোৱাই দি আমাৰ মুখ বন্ধ কৰি থৈ দিয়া হ’ল। জনৈক ডেকা বন্ধুৱে এদিন কথাই কথাই জনালে যে বাঙালী হ’লে কি হ’ল,কিনো বেয়া হ’ল? আমি লিখোতে বাঘ-ভালুক নোলাই অসমীয়া আখৰকেইটা ওলালেই হ’ল। আন এক বন্ধুৱে এদিন চাহ মেলত কথা প্ৰসংগত কৈ পেলালে যে কী বোৰ্ড খন বাংলাদেশী হওঁক,কন্নড় হওঁক নতুবা মাইক্ৰচ’ফ্টৰ ইণ্ডিক হওঁক,এইবোৰ সমাজৰ হিতৰবাবেই সেই দেশৰ পণ্ডিত সকলে আৱিস্কাৰ কৰিছে, আমি লিখিবহে লাগে। বাৰে বাৰে কী-বোৰ্ড আৱিস্কাৰ কৰাটো প্ৰয়োজনীয় নেকি? যদি বিদেশী কী-বোৰ্ড আৰু বেলেগৰ ফন্ট ব্যৱহাৰ কৰি আমি অসমীয়া লিখিবলৈ সক্ষম হৈছোঁ,তেনেহ’লে মিছামিছি আমাৰ অসমীয়াত কিহৰ এখন নতুন কী-বোৰ্ড লাগে? এৰা! বাহিৰৰ মাছ,আলু,পিয়াঁজ খাই খাই মানুহবোৰৰো মনবোৰ বন্ধকী থোৱা অসমীয়া যেন হৈছে।
দ্বিতীয় কথা,আমি বাঙালী,কন্নড় বা আমেৰিকাৰ কীবোৰ্ড বেয়া বুলি কোৱা নাই। যিসময়ত “যুনিক’ড”-এ অসমীয়া ভাষাৰ বাবে ৰেঞ্জ প্ৰস্তুত কৰা নাছিল,তেতিয়া ইন্টাৰনেট মাধ্যমত অসমীয়া লিখিবলৈ বিদেশী ফন্ট আৰু বিদেশী কী-বোৰ্ড কেইখনেই আমাৰ সম্বল আছিল। কিন্তু তেহিনো দিৱসা গতাঃ। আজি আমাৰ সমুখত নতুন সময় আহি পৰিছে। য়ুনিক’ডৰ ভিতৰচৰাৰ পৰিৱৰ্তন হৈছে। তেওঁলোকে যিহেতু অসমীয়া ভাষাৰ বাবে ৰেঞ্জ প্ৰতিস্থা কৰিলেই,কাইলৈ ভাষিক স্বীকৃতিও প্ৰদান কৰিব। তেতিয়া এজন সঁচা তেজ থকা অসমীয়া বন্ধুৱে নিজৰ ভাষাক অ‌ইন ভাষাৰ মাধ্যমত উপস্থাপন কৰিবলৈ গৈ সঁচাই সুখী হ’বনে? যিদিনা নিজৰ ভাষা বিশ্বমূখী হ’ল বুলি গৌৰৱত বুকু ফিন্দাই ক’ম,সিদিনা আমাৰ ভাষাক বিশ্বৰ সমুখত বাংলাদেশৰ কী-বোৰ্ডেৰে উপস্থাপন কৰিবলৈ মন যাবনে? নিশ্চয় নাযাব। সিদিনা আমাৰ অন্তৰে নিজস্ব অসমীয়া কী-বোৰ্ড আৰু নিজস্ব অসমীয়া “য়ুনিক’ড” ফন্টৰ বাবে হাহাকাৰ কৰিব। নিজৰ ভাষা, নিজা ফন্ট, নিজা কী-বোৰ্ড।আমি আশা কৰোঁ,আজিলৈ আমি যিখিনি সহি আহিছোঁ,যিবোৰ বিতৃষ্ণা পাইছোঁ, এইবাৰ এই সকলোখিনিৰে অন্ত পৰক। ওলোটাকৈ বাংলাদেশে অসমীয়া কী-বোৰ্ড আৰু ফন্ট ব্যৱহাৰ কৰি য়ুনিক’ডত বাঙালী ভাষাত লিখক। আমাৰ ভাষাক বিশ্বমূখী কৰাৰ দ্বায়িত্ব আমাৰেই।  ক্ষন্তেকতে বিহ্বল নহৈ সুস্থিৰমতে কাম আগবঢ়াই লৈ গ’লে সকলো সম্ভৱ হ’ব পাৰে। অসমীয়াই কাহানিও শিৰ নত কৰা নাই আৰু নকৰে। সমাজত বিভেদ সৃষ্টকাৰী অশুভ লোকৰ প্ৰভাৱ সদায়েই থাকিব,পশ্চাত্‍মূখীতাত নিজৰ ব্যক্তিকেন্দ্ৰিক চিন্তাক সমাজমূখী বুলি প্ৰতিস্থা কৰিবলৈ এচামে উঠি পৰি লাগিব‍ই; কিন্তু নিজৰ মাতৃ, নিজৰ ভাষা সবাৰো উৰ্দ্ধত।
এই ক্ষেত্ৰত আমি ডা০ বনজিত্‍পাঠকৰ নাম উল্লেখ কৰিব লাগিব। তেওঁ কোনো প্ৰচাৰমূখী সংগঠনৰ সহায় নোলোৱাকৈ নীৰৱে অসমীয়া ভাষাৰ বাবে “য়ুনিক’ড ফন্ট “কুঁহিপাত”ৰ আৱিস্কাৰ তথা য়ুনিক’ডত অসমীয়া লিখিবলৈ “ৰামধেনু”ৰে সামঞ্জস্য থকা কী-বোৰ্ড “পূবেৰূণ”ৰ আৱিস্কাৰ কৰি ভাষাৰ ই-জোনাকী যুগৰ নব্য যাত্ৰাক যি দিকদৰ্শী গতি প্ৰদান কৰিছে,সি নিঃসন্দেহে সকলো প্ৰশংসাৰ উৰ্দ্ধত।
অমাক আমাৰ বাবে নিজাকৈ অসমীয়া কী-বোৰ্ড এখন কিয় লাগে,সেই কথা আপোনালোকে “পূবেৰূণ” ব্যৱহাৰ কৰিলেই গম পাব। “বাৰাহা” নতুবা “অভ্ৰ” ব্যৱহাৰ কৰিলে আমি “যুনিক’ড”-ত ড০, ঁ আদিবোৰ চৰিত্ৰ সঠিককৈ লিখিবলৈ নোৱাৰোঁ,আনহাতে এইবোৰ চৰিত্ৰৰ অনুপস্থিতিত অসমীয়া ভাষা অসম্পূৰ্ণ। অসমীয়া ভাষাত ব্যৱহাৰ কৰা “দাঢ়ি” “বাৰাহা”ৰ কোনো চৰিত্ৰত নাই। সেয়েহে বাক্য এটা লিখি শেষ কৰি অলপ অসুবিধাত পৰিবলগীয়া হয়। কিন্তু “পূবেৰূণ”-এ এই সকলোবোৰ সমস্যাৰ ওৰ পেলাই নতুন ৰূপত যুনিক’ডক আপোনাসৱৰ মাজলৈ আগবঢ়াই আনিছে।
এতিয়া আন এটা প্ৰধান সমস্যা হ’ল,পূৱেৰূণ ফনেটিক নহয়। এই কথা পাঠক ডাঙৰীয়াই আগতেই কৈছে। পূবেৰূণৰ লে-আউট ৰামধেনুৰ লগত একেই। কিন্তু সকলোৱে ডি.টি.পি নাজানে। নজনাসকলৰ বাবে ফনেটিক কী-বোৰ্ডৰ প্ৰয়োজন হ’ব। উপায় কি?
ফনেটিক কী-বোৰ্ডৰ কথা কওঁতে “বাৰাহা”ৰ কথা প্ৰথমে ক’ব লাগিব। আমি এই কী-বোৰ্ডৰ অসুবিধাসমূহ উল্লেখ কৰিছোঁৱেই। কিন্তু “বাৰাহা” সম্পূৰ্ণৰূপে বৈজ্ঞানিক আৰু ব্যৱহাৰৰ বাবে অতিকৈ সহজ। বৰ্ণমালাৰ প্ৰতিটো বৰ্ণক যথোপযুক্ত ভাবে “ভাৰতীয় ভাষাতত্ব”ৰ আধাৰত প্ৰস্তুত কৰা হৈছে। যুক্তাক্ষৰ সম্পূৰ্ণ শুদ্ধ,যুক্তিশীল আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ। ফনেটিক মানে কি, সেয়া সম্পূৰ্ণকৈ প্ৰতিফলন হৈছে “বাৰাহা”ৰ মাজেৰে। ভাষা শিকাৰুৱে “বাৰাহা” ব্যৱহাৰ কৰিলে শুদ্ধকৈ অসমীয়া লিখিবলৈ সক্ষম হ’ব। “বাৰাহা”ৰ কথা কওঁতে একেলগে আমি “মাইক্ৰ’চ’ফ্ট”ৰ “ইণ্ডিক ইনপুট”ৰ কথাও ক’ব লাগিব। ই অতিকৈ সহজ আৰু শুদ্ধ পদ্ধতিৰ কী-বোৰ্ড। “বাৰাহা”ৰ লগত বহু মিল আছে যদিও ই “বাৰাহা”তকৈ সহজহে। এইখন কী-বোৰ্ডৰ কনচেপ্টটো অলপ বেলেগ, সেয়েহে মানুহে ব্যৱহাৰ কৰি ভাল পায়।
আনহাতে অভ্ৰ হৈছে বাংলাদেশী কী-বোৰ্ড। অসমীয়াত লিখা গ’লেও ইনপুটৰ চৰিত্ৰবোৰ অসমীয়া ভাষাৰ লগত নিমিলে। অভ্ৰত খৰকৈ লিখিব পাৰি। কিন্তু ই অসমীয়া ভাষাৰ বাবে বৈজ্ঞানিক ভাবে প্ৰমানিত নহয়। এনেকুৱা ইনপুট আমাৰ ভাষাৰ বাবে ধ্বংসকাৰী। আমাৰ ন-শিকাৰু সকলে ভাষাৰ গঠন,বিন্যাস আৰু যুক্তাক্ষাৰৰ জ্ঞানৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা অধিক।
এষাৰ কথা মাজতে উনুকিয়াই থওঁ যে,যিসকলৰ ইতিমধ্যে ভাষাটোৰ ওপৰত অলপ হ’লেও দখল আছে, তেওঁলোকৰ বাবে যিকোনো এখন কী-বোৰ্ড হ’লেই যথেষ্ট,কাৰণ তেওঁলোকে ইতিমধ্যে ভাষাৰ গঠন,বিন্যাস,যুক্তাক্ষাৰ ইত্যাদিক কম বেছি পৰিমানে হৃদয়ংগম কৰিব পাৰিছে। কিন্তু ন-শিকাৰু সকলক আমি সুস্থিৰভাবে শিকাব লাগিব,তেওঁলোকক শুদ্ধ জ্ঞান দিব লাগিব। এনেয়ে লিখিলেইতো নহয়,জানি বুজি শুদ্ধকৈ লিখিলেহে ভাষা জীয়াই ৰ’ব,নহ’লে দেখোন আধামৰা হ’ব। কথা হ’ল যদি আমি ভাষাক বিশ্বৰ দৰবাৰলৈ আগুৱাই লৈ যাব লাগে তেনেহ’লে আমাৰ সকলোখিনি শুদ্ধ আৰু ভাষিক দৃষ্টিকোণৰ ফালৰ পৰা বৈজ্ঞানিক ভাবে প্ৰমাণিত হ’ব লাগিব। নহ’লে বাংলাদেশৰ শৰণাগত হৈয়ে বিহু নচাৰ বাহিৰে অ‍ইন উপায় নাই।
সেয়েহে ,আমি ক’ব খোজোঁ যে আমাক এখন শুদ্ধ আৰু বৈজ্ঞানিক ভাবে প্ৰমানিত ফনেটিক অসমীয়া কী-বোৰ্ড লাগে যিখনৰ সহায়ত যুনিক’ডত লিখিব পৰা যায়। যিখনে অসমীয়া ভাষাৰ প্ৰতিটো বৰ্ণ চৰিত্ৰক প্ৰতিনিধিত্ব কৰে আৰু য়ুনিক’ডত অসমীয়া লিখন সহজসাধ্য কৰি তোলে। বেলেগ ভাষাৰ কী-বোৰ্ডৰ আধাৰত অসমীয়া লিখোতে যিবোৰ অসুবিধাৰ সমুখীন হ’বলগীয়া হয়, সকলোবোৰৰ যেন ওৰ পৰে। আধাৰ হিচাপে “বাৰাহা” নতুবা “ইণ্ডিক আউটপুট”ৰ কথা ভাবিব পাৰি। আমাৰ অসমীয়া চ’ফ্টৱেৰ অভিযন্তাসকলে নিজৰ ভাষাৰ বাবে এই কৰ্মটোত নিশ্চয়কৈ আগভাগ ল’ব পাৰে। ইতিমধ্যে অসমীয়া য়ুনিক’ড সংঘকে আদি কৰি বহুতো গোটৰ সৃষ্টি হৈছে, এইবোৰ গোটক আমি ফেচবুকতো দেখিবলৈ পাইছোঁ। সকলোৱে অহোৰাত্ৰ এই চিন্তাতে ব্ৰতী হৈ আছে। আগ্ৰহী সকলো অসমীয়া ওলাই আহক,নিজৰ ভাষাক পৰৰ ঘৰত নঙলা ৰখীয়া পতিব নোৱাৰি। এইবাৰ আমাৰ পাল। নিজা কী-বোৰ্ড,নিজা ফন্ট আৰু য়ুনিক’ড স্বীকৃত অসমীয়া লিপি লৈ বিশ্বৰ সমুখলৈ অসমীয়া ভাষাক আগুৱাই লৈ যোৱাৰ যি অভিযান গঢ়ি উঠিছে সি সফল হ’ব‍ই, সফতাৰ পথত ইতিমধ্যে ভালেমান পথ আগবাঢ়িছে। ই-জোনাকী যুগৰ নতুন অসমীয়াৰ এয়া প্ৰতিশ্ৰুতি।
(গণ অধিকাৰত প্ৰকাশিত )

No comments: