Monday, January 16, 2012

অসমীয়া ভাষা আৰু “য়ুনিক’ড”-ৰ প্ৰয়োজনীয়তা

এটা সময় আছিল, যিসময়ত কম্প্যুটাৰকে আদি কৰি মোবাইল ফোন ইত্যাদি সকলো ইলেক্ট্ৰনিক সঁজুলিত ইংৰাজীৰ বাহিৰে আন ভাষা লিখিব আৰু পঢ়িব পৰা সুবিধা নাছিল; তেতিয়া অনলাইন হওঁক বা অফলাইন হওঁক, সকলো ধৰণৰ এপ্লিকেশ্যনতে পৃথিৱীৰ সকলো ভাষাৰ লোকৰ বাবে কেৱল ইংৰাজী ভাষাটোৱেই সংযোগ আৰু যোগাযোগৰ একমাত্ৰ মাধ্যম আছিল । এই প্ৰক্ৰিয়াৰ ওৰ পেলাবলৈ ১৯৯১ চনত Unicode consortium নামৰ অপেছাদাৰী সংগঠনটোৱে “য়ুনিক’ড” নামেৰে এক পদ্ধতিৰ আৱিস্কাৰ কৰে।  । এই পদ্ধতিৰ সহায়ত পৃথিৱীৰ প্ৰায় সকলো দেশৰে ভাষা সমূহক “য়ুনিক’ড”-এ মান্যতা প্ৰদান কৰে আৰু প্ৰতিটো ভাষাৰ প্ৰতিটো বৰ্ণ আৰু চৰিত্ৰ সমূহক নিজাববীয়াকৈ সুকীয়া সুকীয়া ৰেঞ্জ কিছুমানৰ অন্তৰ্ভূক্ত কৰে, ফলত যিবোৰ কম্প্যুটাৰ কোম্পানীয়ে নিজৰ নিজৰ অপাৰেটিং চিষ্টেমত “য়ুনিক’ড” পদ্ধতিক আঁকোৱালি লৈছে, সেই সকলোবোৰ কম্প্যুটাৰত “য়ুনিক’ড”-এ মান্যতা প্ৰদান কৰা ভাষা সমূহ দৃশ্যমান হোৱাটো সম্ভৱ হ’ল । ফলত ইংৰাজীৰ বাহিৰেও আজি ইন্টাৰনেটত পৃথিৱীৰ অন্যান্য ভাষাৰ ৱেবচাইট দেখোবলৈ পাইছোঁ । “য়ুনিক’ড”-এ লাহে লাহে পৃথিৱীৰ প্ৰায় সকলো ভাষাকে সাঙুৰি আনিছে আৰু পৃথিৱীৰ প্ৰায় সকলোবোৰ কম্প্যুটাৰ কোম্পানীয়ে এই পদ্ধতিক নিজ নিজ কম্প্যুটাৰত আঁকোৱালি লৈছে । এই দ্বৈত-মিলন প্ৰক্ৰিয়াৰ ফলশ্ৰুতিত আমি আজি কম্প্যুটাৰ সমূহত বিশ্বৰ প্ৰায় সকলো দেশৰে আঞ্চলিক ভাষা সমূহ পঢ়িবলৈ সক্ষম হৈছোঁ আৰু ইন্টাৰনেট জগতত সকলো দেশৰে আঞ্চলিক ভাষাৰ নিজস্ব ৱেবচাইট দেখিবলৈ পাইছোঁহক । মাইক্ৰ’চ’ফ্ট, লিনাক্স, আই বি এম ইত্যাদি সকলো কোম্পানীয়ে এই পদ্ধতি গ্ৰহন কৰিছে । কিছুমান কোম্পানীয়ে আগতীয়াকৈ আৰু কিছুমানে শেহতীয়াকৈ এই পদ্ধতি গ্ৰহন কৰিছে । গতিকে এই কথা প্ৰতিয়মান হয় যে অনাগত দিন সমূহত আমি আমাৰ আঞ্চলিক ভাষাক বিশ্বমূখী কৰিবলৈ “য়ুনিক’ড”ৰ পদ্ধতিৰ সহায় লাগিব‍ই, অন্ততঃ প্ৰচলিত সময়ৰ প্ৰতি লক্ষ্য ৰাখিলে দেখিম যে এ‍ই পদ্ধতিৰ কোনো বিকল্প নাই । হিন্দী আৰু উৰ্দুকে ধৰি ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ আঞ্চলিক ভাষা সমূহ যেনে মাৰাঠী,পঞ্জাবী,তেলুগু,বাঙালী ইত্যাদি ইতিমধ্যে “য়ুনিক’ড”ৰ দ্বাৰা স্বীকৃত আৰু সেয়েহে আমি এই সকলোবোৰ ভাষাৰ ৱেবচাইট ইন্টাৰনেটত দেখিবলৈ পাইছোঁ । ইমানেই নহয়, এই সকলোবোৰ ভাষাক মোবাইল ফোন,এ.টি.এম মেশ্যিন ইত্যাদি অন্যান্য ইলেক্ট্ৰনিক সঁজুলিতো পঢ়িবলৈ আৰু লিখিবলৈ উপলব্ধ হৈছে । কিন্তু অসমীয়া ভাষাৰ লগত বিজুতি ক’ত ঘটিল যাৰ বাবে আমি অসমীয়াত ৱেবচাইট নিৰ্মাণ কৰিবলৈ যাওঁতে আহুকালত পৰিবলগীয়া হয় নতুবা অসমীয়া ৱেবচাইট সমূহে আহিও নিজৰ নিজৰ ৱেবপেজ সমূহ ইমেজ আকাৰে আপলোড কৰিবলগীয়া হয়? ইন্টাৰনেটত প্ৰত্যক্ষভাবে অসমীয়াত লিখিব আৰু পঢ়িব পোৱা বিষয়টোত আজিও বহু সীমাবদ্ধতা আছে । এই সীমাবদ্ধতাবোৰ অতিক্ৰম কৰিলেহে অসমীয়া ভাষাই নিজস্বত্ব ৰক্ষা কৰি এক স্বতন্ত্ৰ ভাষা ৰূপে বিশ্বৰ সমুখত মূৰ দাঙিব পাৰিব।
এই আলোচনাত প্ৰধানতঃ অসমীয়া ভাষাৰ বাবে “য়ুনিক’ড”ৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰা হ’ব । আমি আমাৰ পূৰ্বৰ লেখা “য়ুনিক’ড আৰু অন্য প্ৰসংগ“ত ইতিমধ্যে উল্লেখ কৰিছোঁ যে পূৰ্বতে “য়ুনিক’ড”-এ অসমীয়া আৰু বাঙালী দুয়োটা ভাষাকে একেটা ৰেঞ্জতে ৰাখিছিল । সেই ৰেঞ্জ মতে অসমীয়া ভাষা বুলি কোনো এটা সুকীয়া ভাষাৰ কথা তেওঁলোকে উল্লেখ কৰা নাছিল । কেৱল বাঙালী বৰ্ণমালাৰ ভিতৰত অসমীয়া “ৰ” আৰু “ৱ” বৰ্ণ দুটা অন্তৰ্ভূক্ত কৰি অসমীয়া ভাষাক বাংলা ভাষাৰ এক উপভাষা হিচাপেহে বিশ্ববাসীৰ সন্মুখত উপস্থাপন কৰিছিল । এই কৰ্মৰ প্ৰতিবাদস্বৰূপে “য়ুনিক’ড”ৰ ডিৰেক্টৰীত অসমীয়া ভাষাক সুকীয়া ভাষাৰ মৰ্য্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত এক ডিজিটেলাইজড ভাষা আন্দোলনৰ আৰম্ভ হ’ল । “য়ুনিক’ড”ৰ ভিতৰচ’ৰাত পৰিৱৰ্তন সদায়েই হৈ আহিছে, তেওঁলোকে নতুন নতুন সংস্কৰণ সমূহত সময় সাপেক্ষে পৰিৱৰ্তন আৰু সংশোধনৰ ব্যৱস্থা ৰাখি আহিছে; সেইবাবে আমাৰ এই ভাষা আন্দোলনে প্ৰথমলানি সফলতা লাভ কৰিবলৈ সক্ষম হ’ল। এই সফলতাত “য়ুনিক’ড”-এ সম্পূৰ্ণ সহযোগ প্ৰদান কৰিলে আৰু অৱশেষত আমি ব্যৱহাৰ কৰা লিপি সমূহক অন্ততঃ অসমীয়া আৰু বাংলা উভয় ভাষাতেই ব্যৱহাৰ কৰা হয় বুলি ২০১১ চনত তেওঁলোকে ঘোষণা কৰিলে। ভিতৰৰ কথাবোৰ পিছেপৰে আলোচনা কৰি থাকিম,কিন্তু অসমৰ প্ৰতিজন মানুহেই জনা উচিত যে অসমীয়া ভাষাক যদি “যুনিক’ড”-এ সুকীয়া ভাষাৰ মৰ্য্যাদা প্ৰদান নকৰে তেনেহ’লে ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ ভৱিষ্যতে কোনো চিন চাব নাথকিব আৰু এই ঐতিহ্যপূৰ্ণ ভাষাটো সময়ত বাঙালী ভাষাৰ মাজত জাহ যাব। তেতিয়া আমি কি কৰিম?
সাধাৰণ ভাবে কথাষাৰ ভাবি চালেই আপোনালোকে গম পাব যে আজিৰ পৰা কিছু বছৰ আগতে যিবোৰ মোবাইল ফোন আমি ব্যৱহাৰ কৰিছিলোঁ সেইবোৰত ইংৰাজীৰ বাহিৰে আন কোনো ভাষা দেখা পোৱা নগৈছিল । পুৰণি অ’পাৰেটিং চিষ্টেম, যেনে Windows 2000/XP ইত্যাদি ব্যৱহাৰ কৰা সকলে ইন্টাৰনেটত ভালকৈ অসমীয়া পঢ়িব বা লিখিব নোৱাৰে,বহুতো অসুবিধা পায়। কিন্তু লাহে লাহে যিবোৰ নতুন হাৰ্ডৱেৰ আৰু চ’ফ্টৱেৰৰ আৱিস্কাৰ হ’ল,সেইবোৰত আমাৰ দেশৰ প্ৰায় সকলোবোৰ ভাষা পঢ়িবলৈ আৰু লিখিবলৈ পোৱাটো সম্ভৱ হ’ল। গুগলৰ হিন্দী, বাঙালী,গুজৰাটী সকলো সংস্কৰণ ওলাইছে,ৱিকিপেডিয়া আজিকালি আঞ্চলিক ভাষাত ইন্টাৰনেটত প্ৰকাশ হয়, মাইক্ৰ’চ’ফ্টৰ নতুন অপৰেটিং চিষ্টেম (Windows 7)ৰ আঞ্চলিক ভাষাৰ সংস্কৰণ ওলাইছে, MS Wordৰ আঞ্চলিক ভাষাৰ সংস্কৰণ ওলাইছে; ফলত গোটেই পৃথিৱীত ইলেক্ট্ৰনিক সঁজুলিসমুহৰ আঞ্চলিক ভাষাৰ অন্তৰ্ভূক্ত কৰাৰ যি পৰিৱেশ গঢ় লৈ উঠিছে সি ব্যৱসায়িক দৃষ্টিভংগীৰো সলনি ঘটাইছে। আজিকালি সকলো কোম্পানীয়ে তেওঁলোকৰ চফ্টৱেৰ সমূহৰ আঞ্চলিক ভাষাৰো এক সংস্কৰণ সমান্তৰালকৈ উলিয়াবলৈ লৈছে। এই সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ লোকসকলে নিজৰ নিজৰ ভাষাক বিশ্বৰ সন্মুখলৈ আগুৱাই নিবলৈ উঠি পৰি লাগিছে। সকলোৱে নিজৰ ৱেবচাইট নিজৰ ভাষাত প্ৰস্তুত কৰিব ধৰিছে। গতিকে আমি অসমীয়া সমাজে যদি সময়ৰ লগত তাল মিলাই আগবাঢ়িব নোৱাৰোঁ তেনেহ’লে আমি পিছ পৰি ৰ’ম আৰু পৃথিৱী আমাতকৈ বহু আগবাঢ়ি যাব। এয়াই সন্ধিক্ষণ,এই সময়ৰ সদব্যৱহাৰ কৰি আমি যদি এতিয়াই আমাৰ ভাষাক বিশ্বৰ সন্মুখলৈ আগুৱাই লৈ যাব নোৱাৰোঁ, তেনেহ’লে অসমীয়া ভাষা সমগ্ৰ পৃথিৱীৰ বাবে হয় পাহৰণি হৈ ৰ’ব নহয় এলাগী হৈ ৰ’ব। আমাৰ প্ৰশ্ন,আপোনালোকে এই দুটাৰ কোনটো হ’লে ভাল পাব?
বহুতো সৰ্বভাৰতীয় পৰীক্ষা আজিকালি অনলাইন মাধ্যমত সম্পন্ন হয়। এনে এটা দিন আহিব, যিদিনা সুজ বিপ্লৱৰ গ‍ইনা লৈ সমগ্ৰ পৃথিৱীত কাগজৰ ব্যৱহাৰ কমাই পেলোৱাৰ আইন প্ৰস্তুত কৰা হ’ব। (উদাহৰণ স্বৰূপে আপোনালোকে “ভাৰতীয় ষ্টেট বেংক”ৰ গ্ৰীণ চেনেল কাউন্টাৰৰ কথা ভাবিব পাৰে) তেতিয়া অসমৰ পৰীক্ষাসমূহৰ বাবেও অনলাইন পদ্ধতিৰ বিকল্প নাথাকিব। সিদিনা “য়ুনিক’ড” অবিহনে আমাৰ বাবে এই পন্থা কেতিয়াও কাৰ্য্যকৰী নহ’ব। সেই সময়ত যদি অসমীয়া ভাষাক “য়ুনিক’ড”-এ স্বীকৃতি নিদিয়ে, তেনেহ’লে আমি আমাৰ পৰীক্ষা সমূহক বিশ্বৰ মানডণ্ডৰ লগত একাত্ম কৰিব নোৱাৰিম। আজিকালি অনলাইন এডুকেশ্যন,অনলাইন পাঠদান ইত্যাদি সকলো ব্যৱস্থাৰে উদ্ভৱ হৈছে,এইবোৰৰ পৰা অমি অসমীয়া ভাষাক পিছুৱাই ৰাখিম কেনেকৈ? আমিওতো আগবঢ়ি যাব লাগিব। সিদিনা আমাৰ বাবে “য়ুনিক’ড”-এ একমাত্ৰ সম্বল ৰূপে পৰিগণিত হ’ব। গতিকে এই কথা অপোনালোকে অন্তৰত ভলকৈ সাঁচ বহুৱাই লওঁক যে আগন্তুক শতিকাত ইন্টাৰনেট জগতৰ সৈতে বিশ্বৰ যি আমূল পৰিৱৰ্তন হ’বলৈ ওলাইছে, সেই পৰিৱৰ্তনৰ বুৰঞ্জীত অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষাৰ সকলোবোৰ আলোচনা, সমালোচনা,চিন্তা-চৰ্চ্চা ইত্যাদিৰ ইতিৰ দিশটো হ’ল “য়ুনিক’ড”-এ অসমীয়া ভাষাক পৃথিৱীৰ এক সুকীয়া ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিব লাগিব আৰু তাৰ বাবে অসমীয়া ৰাইজ সজাগ হ’ব‍ই লাগিব। যিমানেই অসমীয়া ৰাইজ ওলাই আহি অনলাইন মাধ্যমত নিজৰ ভাষাক প্ৰতিনিধিত্ব কৰিব,সিমানেই আমাৰ এই আন্দোলন গাঢ়তৰ হৈ পৰিব। আহক, “য়ুনিক’ড”ৰ জৰিয়তে অসমীয়া ভাষাক বিশ্বত জীয়াই ৰাখিবলৈ আমি আমাৰ কৰণীয় সকলোখিনি কৰি যাওঁহক, এই অভিযানে সফলতা পাওঁক।
“চিৰ চেনেহী মোৰ ভাষা জননী”

No comments: