অচিন্তন:
বৰ্ণত যদি বৰণ সানি দিছিলা,
মোৰ হৃদয় সেউজীয়া
তোমাৰ অভিমান কজলা; চকুৰ বৰণৰ এফাল..!
(এনাজৰী, অক্টোবৰ ২০১১ সংখ্যাত প্ৰকাশিত)
অপেক্ষা:
সকলো নিচা শেষ হোৱাৰ পিছতো
অপেক্ষাৰ বটলত এতিয়াও এটোপাল মদ আছে
সি তোমাৰ চকুলো, শাওণ মহীয়া ||
এতিয়া তোমাৰ দুচকুক নদী বোলাৰ প্ৰয়োজন কি?
এতিয়া তোমাৰ দুচকুক নদী বোলাৰ প্ৰয়োজন কি?
বিৰহৰ দুপৰীয়াৰ সি বিৰক্ত মৰুভূমি
এতিয়া তোমাৰ হাঁহিত গান হোৱাৰ প্ৰয়োজন কি?
বিষাদ সুৰত বিশৃংখল মোৰ বেদনাৰ নগৰী
এতিয়া শুকুলা ডাৱৰৰ আঁৰে আঁৰে মই তোমাৰ বাবে সাধুকথা নহওঁ
এতিয়া এটোপ দুটোপ বৰষুণত তিতিবলৈ মই তোমাৰ বাবে দুপৰীয়া নহওঁ
এতিয়া তোমাৰ সকলো উছাহৰ সমাপ্তি মই
সকলো উছৱৰ শেষ মই
সকলো ৰাতিৰ আৰম্ভণি আৰু সীমাহীন মৌনতাৰ প্ৰাতঃভ্ৰমণ মই
এতিয়া তোমাৰ আকাঙ্খাৰ সিমূৰত ৰৈ থকাৰ প্ৰয়োজন কি?
সকলোবোৰ কবিতাৰ বুকুৱেদি যদি বৈ যায় দুঃখৰ ফল্গুধাৰা
শব্দই হাহাকাৰ কৰক, নালাগে একোকে থাকিবলৈ স্মৃতি জোকাৰি
বাৰে বাৰে শৰত্ আহক
হুমুনিয়াহবোৰ নিশাৰ ডাৱৰৰ সৈতে ক’ৰবালৈ গুচি যাওক
মই প্ৰাণ ভৰি চাই ৰ’ম আকাশ আৰু জোনৰ প্ৰেমৰ মায়াময়তা
হৃদয় জুৰাই গান গাম, দুহাত মেলি স্পৰ্শ কৰিম সেউজীয়া উপত্যকাৰ মোহনীয়তা
কবিতাবোৰ কবিতা হৈ থকাত ক্ষতি কি?
সুখৰ এচিকুট বিচাৰি যোৱানিশা চাহেবপুৰালৈ গৈছিলোঁ, অনুৰাধাৰ স’তে
সৰিয়হ ফুলা দিনবোৰ মাজুলীৰ বালিচৰত সমাধি দিয়া বহুবছৰ হ’ল
এতিয়া তাৰ জীৱাশ্মটো বাকী আছে
জুৰাছিক পাৰ্কৰ লেবৰেটৰীত ক্লনিঙৰ বাবে উপহাৰ দিব পাৰিম
অন্ততঃ মোৰ বাবে নহ’লেও আনৰ বাবে জী উঠিব ৰঙবোৰ
য’ত চাগে’ তুমি নাথাকা
নথাকিলেই ভাল, মাজুলীত খহনীয়া আৰু নালাগে..!!
তোমালৈ:
মোৰ হৃদয়ৰ পৰা বহু দূৰৈত তোমাৰ প্ৰেমৰ ষ্টেচন
ভালপোৱাৰ উকি মাৰি নিশাৰ ৰেলগাড়ী চলে
আমাৰ মৰমক শেষ গাড়ীখন বুলি ভাবিছিলোঁ
আৰু ভাবিছিলোঁ তোমাৰ হৃদয়ৰ ষ্টেচনৰ ময়েই একমাত্ৰ যাত্ৰী |
তোমাৰ বুকুখনৰ একোণ কোনোবা চহৰত হেৰাই আছিল
কোনোবা চহৰৰ এক আন্ধকাৰ গলিত তুমিও প্ৰেমৰ ঠিকনাত বিজ্ঞাপন দিছিলা |
তোমাৰ বিজ্ঞাপনৰ এটুকুৰা মোৰ হৃদয়তো থিতাপি লৈছিল কাহানিবা
নজনাটোৱেই ভাল আছিল
যে তুমি তেতিয়া উকা কাগজত কবিতা লিখিবলৈ আৰম্ভ কৰিছিলা |
সকলোবোৰ বাৰিষা গুচি যোৱাৰ পাছত
মোৰ হৃদয়খন তোমাৰ বাবে পথাৰ আছিল
পলসুৱা আছিল প্ৰেম
দূৰ্বল শপতবোৰ আছিল তোমাৰ বাবে আকাশ
আৰু ডাঁৱৰৰ প্ৰতি মোৰ শতিকাৰ ভেম
ভয় মাথোঁ একেটাই,
বৰষাৰ কোনো দিন বাৰ নাই..||
No comments:
Post a Comment