মুক্ত
কণ্ঠ:
আৰম্ভ
কৰিছোঁ আজিৰ প্ৰজন্মৰ পৰা। কোনোবাদিনা
অসমে সুধিছেনে আমি কি বিচাৰোঁ? আমাৰ প্ৰজন্মই কোনো বিসম্বাদী শক্তিক
সমৰ্থন নকৰে। নিজৰ মাটি
এৰি হাবিয়ে জংঘলে ঘূৰি নিজৰে অসমীয়া ভাই-ভনী-শিশুৰ তেজেৰে হাত ৰাঙলী কৰা বিদেশীৰ আশীষধন্য
সেইসকল বন্দুকধাৰীক আমাৰ প্ৰজন্মই কাপুৰুষৰ শাৰীতহে থয়। আমি আন্দোলন নেদেখিলোঁ, জাতীয়তাবাদী দল
গঠন হোৱা নেদেখিলোঁ। কিন্তু
দেখা পালোঁ জাতীয়তাবাদৰ নামত পথৰ ভিক্ষাৰী, জোতা চিলাই কৰা মোচী আৰু
চুলি কটা নাপিতৰ ওপৰত এচামে কৰা অকথ্য নিৰ্য্যাতন। আমাৰ প্ৰজন্মৰ ভাই ভনীসকল সেই সময়ত প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। আমি কি সেইবোৰ কৰ্ম সমৰ্থন কৰিব লাগিছিল? আমি কি সেইসকলে দেখুৱাই যোৱা পথেৰে খোজ মেলিব লাগিছিল? আমি তেওঁলোকক অনুসৰণ নকৰিলোঁ। দশম-দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিচত আমাৰ আগৰচাম ককাইদেউসকলৰ
দৰে নিশা বন্দুকৰ লালসাত ঘৰ এৰিব নোৱাৰিলোঁ।
আমি উচ্চাকাংক্ষী। আমি ঘৰ এৰিলোঁ, কিন্তু হাবিলৈ নগৈ বিশ্ববিদ্যালয়লৈ গ'লোঁ। আমি অসমৰ সৈতে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমূহৰ সমন্বয় গঠন কৰিলোঁ। আমি ভাষা শিকিলোঁ। আমি দেশৰ আন ভাই-ভনীসকলৰ সৈতে মিলিবলৈ শিকিলোঁ। আমি অসমৰ বাহিৰত পঢ়িলোঁ আৰু চাকৰিও কৰিলোঁ। আমি কেতিয়াও দেশৰ ভৌগলিক সীমাৰেখাৰ কথা নাভাবি কৰ্মৰে নিজৰ জীৱনক আগুৱাই নিয়াৰ কথা চিন্তা কৰিলোঁ। আমি জানোঁ যে যেতিয়ালৈ আমাৰ দেশৰ প্ৰতিজন নাগৰিক শিক্ষা-দীক্ষাৰে সুসজ্জিত হৈ নুঠে তেতিয়ালৈ শোষণকাৰীয়ে আমাৰ ওপৰত শোষণ আৰু অত্যাচাৰ চলায়েই থাকিব। সেয়েহে আমি বন্দুকতকৈ কলমক অধিক গুৰুত্ব দিলোঁ। আন সকলো অসমীয়াৰ দৰে আমিও অসমীয়া ভাষা-সংস্কৃতিক শ্ৰদ্ধা কৰিবলৈ শিকিলোঁ। আমি জুবিন গাৰ্গক পালোঁ। তেওঁৰ গীতে আমাক শৈশৱত নিচুকালে, কৈশোৰত উৰিবলৈ শিকালে, যৌৱনত প্ৰেমত পেলালে। আন্দোলন আৰু বন্দুক-বাৰুদৰ শব্দত ক্ৰম বিলুপ্তপ্ৰায় অসমীয়া আপুৰুগীয়া লোকসংগীতক জুবিন গাৰ্গৰ কণ্ঠই আমাৰ প্ৰজন্মৰ বুকুলৈ চপাই আনিলে। তেওঁ আমাক সেই সকলোবোৰ সৈতে চিনাকী কৰাই দিলে যিবোৰৰ সৈতে আমি চিনাকী হোৱাতো প্ৰয়োজনীয় আছিল। সেয়েহে আমি পৃথিৱীৰ য'তেই নাথাকিলেও অসমীয়া সংগীতক ভাল পাবলৈ শিকিলোঁ। অসমীয়া সংগীত আৰু জুবিন গাৰ্গ আমাৰ প্ৰজন্মৰ বাবে এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। স্তব্ধ হৈ যোৱা সংগীতৰ জগতখনক সেউজীয়া কৰি গঢ়ি নৱপ্ৰজন্মৰ হিয়াৰ ওচৰলৈ অসমীয়া সংগীতক পুনৰাই আদৰি আনিলে। সংগীতত পৰীক্ষা-নিৰীক্ষা কৰিলে, ভাৰতৰ অন্যান্য ৰাজ্যৰ সংগীত তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকসংগীতক অসমীয়া সংগীতেৰে সমন্বয় গঢ়ালে আৰু সুৰৰ যাদুৰে আমাৰ প্ৰজন্মৰ বাবে জুবিন গাৰ্গ হিয়াৰ আমঠু হৈ পৰিল। সেই মৰম সদায়েই অক্ষুণ্ণ থাকিব। জুবিন গাৰ্গক অসমে অসংখ্যবাৰ প্ৰতাৰণা তথা সমালোচনাৰে থকা-সৰকা কৰাৰ পিছতো আমাৰ প্ৰজন্মই জুবিনক ভাল পাবলৈ নেৰিলে। তাৰ অৰ্থ এয়ে যে আমাৰ প্ৰজন্ম জুবিনৰ ওচৰত ঋণী। জুবিনে আমাৰ প্ৰজ্ন্মক অসমীয়া সংগীতৰ মাটিৰ সুৰৰ সৈতে চিনাকী কৰালে আৰু আমিও ভাৰতৰ আন ৰাজ্যৰ ভাই-ভনী সকলক জুবিনৰ কণ্ঠৰ গীত শুনালোঁ। কোৱা বাহুল্য যে জুবিনৰ যাদুকৰী সুৰ আৰু কণ্ঠক স্বয়ং তেওঁৰ ঘোৰ শত্ৰুইও প্ৰশংসা কাৰিবলৈ বাধ্য।
কোনেও চিনি নোপোৱা গুৱাহাটীৰ ষ্টুডিঅ'ত অডিঅ' কেছেট ৰেকৰ্ডিং কৰি গান গোৱা দীঘল চুলিৰ ক্ষীণ চেহেৰাৰ সেই জুবিন গাৰ্গ স্বগৰিমাৰে উদ্ভাসিত হৈ মুম্বইলৈ আগুৱালে। আন্তৰাষ্ট্ৰীয় বঁটা লাভ কৰিলে। দেশৰ সৰ্বশ্ৰেষ্ঠ সংগীত উদ্যোগৰূপে খ্যাত পশ্চিমবংগৰ সংগীতজগতৰ অন্যতম জনপ্ৰিয় শিল্পীৰূপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ল আৰু লিমকা বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত আঞ্চলিক ভাষাত সৰ্বাধিক গীত গোৱা ভাৰতীয় গায়ক হিচাপে আমাৰ মৰমৰ জুবিন দাৰ নাম সন্নিৱিষ্ট হ'ল। এই সকলোবোৰ ভাল খবৰে আমাৰ প্ৰজন্মটোক আটাইতকৈ বেছি আনন্দ দিলে। কাৰণ জুবিন গাৰ্গ আমাৰ সময়ৰ গায়ক। তেওঁৰ গান শুনি আমি শৈশৱ, কৈশোৰ আৰু যৌৱন অতিবাহিত কৰিছোঁ। কিন্তু এইসময়ত আমি যিসকল লোকক চিনিয়েই নাপাওঁ, যাৰ নাম আৰু ফোটো কেৱল বাতৰি কাকততহে দেখা পাওঁ, সেইসকল লোকে যদি আজি জুবিন গাৰ্গক গীত গাবলৈ নিষেধাজ্ঞা আৰোপ কৰে তেন্তে আটাইতকৈ বেছি ক্ৰোধান্বিত আমিয়েই হ'ম। আমি কোনো সংগঠনৰ জন্ম ৰহস্য নাজানোঁ নতুবা আমাৰ প্ৰজন্মৰ কোনো সেই সংগঠনৰ সদস্যও নহয়। যিসকল লোকৰ বাবে আমাৰ প্ৰজন্মৰ কোনো মূল্য নাই আৰু যিসকল লোকে আমাৰ প্ৰজন্মৰ বাবে কেতিয়াও একো কৰা নাই, সেইসকল লোকে কি সাহসত আমাৰ প্ৰজন্মৰ অতি মৰমৰ শিল্পীজনক গীত পৰিৱেশন কৰিবলৈ মানা কৰিব? তেওঁলোকৰ কি অধিকাৰ আছে যে বিদেশৰ হাবিত ঘূৰি-ফুৰি আমাৰ বিহুত, আমাৰ উলাহত তেওঁলোকে অতপালি কৰিব? এখন বিহু মঞ্চত কি ভাষাৰ আৰু কেনেকুৱা ধৰণৰ গীত পৰিৱেশন কৰাতো উচিত সেই কথা গায়কজনে আৰু উপস্থিত জনতাই নিৰ্দ্ধাৰণ কৰিব। তাৰবাবে কাৰো পৰামৰ্শ অথবা ভাবুকিৰ প্ৰয়োজন নাই। আজি জুবিন গাৰ্গে "ভৱিষ্যতে অসমৰ বিহু মঞ্চত গীত পৰিৱেশন নকৰোঁ" বুলি মুকলিকৈ ঘোষণা কৰাত আমি ব্যথিত হৈছোঁ আৰু তাতকৈও আচৰিত হৈছোঁ যে এচাম অসমীয়া লোকে জুবিনগাৰ্গক ভুল বুলি সমালোচনা কৰি সেই সংগঠনৰ লোকসকলক প্ৰত্যক্ষভাৱেই হওক বা পৰোক্ষভাৱেই হওক সমৰ্থন কৰিছে। আমাৰ প্ৰজন্মক প্ৰতিবাৰেই অসমৰ বৌদ্ধিক মহলে সমালোচনা কৰি আহিছে কিন্তু দ্বায়িত্বশীল হিচাপে হিচাপে কোনোৱে আগবাঢ়ি আহি আমাৰ ভুল-ভ্ৰান্তিবোৰ শুধৰাই দিবৰ প্ৰয়াস কৰা নাই। যদি আমাক তেওঁলোকে শুদ্ধ পথ দেখুৱাব নোৱাৰে, তেন্তে তেওঁলোকৰ আমাক সমালোচনা কৰাৰ অধিকাৰো নাই। আমি আৰু আমাৰ মৰমৰ জুবিন গাৰ্গ সদায়েই পাৰস্পৰিক মৰমৰ মাজেৰে জীয়াই থাকিম। আমি নিশ্চিত যে আমাৰ জুবিন দাই গীত গাবই, গাবই লাগিব। আমাৰ বাবেই তেওঁ পুনৰাই মঞ্চলৈ ঘূৰি আহিব লাগিব। এয়া আমাৰ মৰমৰ প্ৰতিশ্ৰুতি।